Thursday, 24 June 2021

নৱম শ্রেণীৰ নম্বৰৰ ওপৰত ভিত্তি কৰি হ’ব মূল মূল্যায়নঃ নাথাকে শীর্ষ দহটা স্থান (The main assessment will be based on class IX marks)

ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে মেট্রিক পৰীক্ষা বাতিল কৰাৰ পাছত ইয়াৰ ফলাফলৰ ফর্মুলাক লৈ সৃষ্টি হৈছে উদ্বিগ্ণতা৷ চাৰি লক্ষাধিক শিক্ষার্থীৰ মূল্যায়নৰ ক্ষেত্রত বিবেচনা কৰিবলগীয়া তথ্য আৰু বিষয়সমূহ নির্ধাৰণৰ বাবে আজি অনুষ্ঠিত হয় উচ্চস্তৰীয় কমিটীৰ এখন গুৰুত্বপূর্ণ বৈঠক৷ প্রায় ৮ ঘণ্টাজোৰা বৈঠকৰ অন্তত এই উচ্চস্তৰীয় কমিটীখনে গ্রহণ কৰিছে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত৷ সেই অনুসৰি নৱম শ্রেণীত অনুষ্ঠিত হোৱা পৰীক্ষাসমূহকে মূল ভিত্তি হিচাপে লৈ ফলাফল ঘোষণা কৰাৰ পোষকতা কৰিছে এই উচ্চস্তৰীয় কমিটীখনে৷ প্রাপ্ত তথ্য অনুসৰি নৱম শ্রেণীত অনুষ্ঠিত হোৱা গোট পৰীক্ষা, ছয়মাহিলি পৰীক্ষা আৰু বছৰেকীয়া পৰীক্ষাত শিক্ষার্থীসকলে লাভ কৰা নম্বৰ বিবেচনা কৰা হ’ব মেট্রিক পৰীক্ষাৰ ফলাফলৰ ক্ষেত্রত৷ দশম শ্রেণীত অনুষ্ঠিত পৰীক্ষাসমূহৰ নম্বৰো বিবেচনালৈ আহিব যদিও উচ্চস্তৰীয় কমিটীখনে নৱম শ্রেণীৰ পৰীক্ষাকে মূল ভিত্তি হিচাপে ল’বলৈ একপ্রকাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷
জানিব পৰা মতে, ক’ভিডৰ সংক্রমণৰ বাবে বিগত বর্ষত বহু বিদ্যালয়ে অনুষ্ঠিত কৰিব পৰা নাছিল দশম শ্রেণীৰ প্রি–টেষ্টৰ লগতে গোট পৰীক্ষা৷ সেয়েহে নৱম শ্রেণীৰ পৰীক্ষাসমূহত যিহেতু সকলো শিক্ষার্থীয়ে অৱতীর্ণ হৈছিল, তাৰ প্রতি লক্ষ্য ৰাখি এই সিদ্ধান্ত কমিটীখনে গ্রহণ কৰিছে৷ তদুপৰি বিগত বর্ষত মেট্রিকত অনুত্তীর্ণ হোৱা প্রায় ১.৮০ লাখ শিক্ষার্থীৰ বিষয়টো গভীৰভাৱে বিবেচনা কৰিবলগীয়া হৈছে উচ্চস্তৰীয় কমিটীখনে৷ যিহেতু মেট্রিকত অনুত্তীর্ণ হোৱা শিক্ষার্থীসকলে পুনৰ দশম শ্রেণীৰ গোট পৰীক্ষা, ছয়মাহিলি পৰীক্ষা অথবা প্রি–টেষ্টত অৱতীর্ণ হোৱাৰ কোনো প্রয়োজন নাই, সেয়েহে তেওঁলোকৰ ক্ষেত্রতো নৱম শ্রেণীৰ পৰীক্ষাৰ নম্বৰেৰে এটা সিদ্ধান্তত উপনীত হ’ব পাৰিব অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)৷ এনে বিভিন্ন দিশ পর্যালোচনা কৰিয়েই আজি কমিটীখনে নৱম শ্রেণীৰ পৰীক্ষাসমূহকে মূল ভিত্তি হিচাপে লোৱাৰ বিষয়টো বিবেচনা কৰে৷

ইতিমধ্যে ছেবাৰ তৰফৰ পৰা বিদ্যালয় পৰিদর্শকসকলক সংশ্লিষ্ট জিলাসমূহৰ তথ্য প্রেৰণ কৰিবলৈ নির্দেশ দিছে৷ এই তথ্য লাভ কৰাৰ পাছত কমিটীখনে অহা শুকুৰবাৰৰ ভিতৰতে ৰাজ্য চৰকাৰক মেট্রিক পৰীক্ষাৰ মূল্যায়নৰ প্রতিবেদন দাখিল কৰাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে ক’ভিডৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে কেইবাটাও ছাত্র সংগঠন, শিক্ষক সংগঠন আৰু সংশ্লিষ্ট বিভাগসমূহৰ বিষয়ববীয়াৰ সৈতে এক আলোচনাত মিলিত হোৱাৰ পাছত যোৱা ১৮ জুনত উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ইয়াৰ পাছতে দুয়োটা পৰীক্ষাৰ মূল্যায়নৰ বাবে ফর্মুলা উদ্ভাৱন কৰিবলৈ দুখন উচ্চস্তৰীয় কমিটী গঠন কৰা হৈছে৷ মেট্রিক পৰীক্ষাৰ মূল্যায়নৰ বাবে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য ড০ আলোক বুঢ়াগোহাঁইৰ নেতৃত্বত এখন ৯জনীয়া কমিটী গঠন কৰা হৈছিল৷ এই কমিটীখনত ছেবাৰ অধ্যক্ষ, শিক্ষা বিভাগৰ উপ–সচিব, কামৰূপ মহানগৰ জিলাৰ বিদ্যালয় পৰিদর্শক, কাছখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ, জৰাগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ, কামৰূপ একাডেমীৰ অধ্যক্ষ, মুহীৰাম হাজৰিকা উচ্চ বিদ্যালয়ৰ অধ্যক্ষক সদস্য হিচাপে দায়িত্ব দিয়া হৈছিল৷ তদুপৰি আহ্বায়ক হিচাপে দায়িত্ব দিয়া হৈছিল ছেবাৰ সচিবক৷

বুধবাৰে আটাইকেইজন সদস্যৰ উপস্থিতিত ড০ আলোক বুঢ়াগোহাঁইৰ অধ্যক্ষতাত ছেবাৰ কার্যালয়ত বৈঠকখন অনুষ্ঠিত হয়৷ অৱশ্যে কেইবাটাও সিদ্ধান্ত গ্রহণ কৰিলেও বহু বিষয়ত এতিয়াও একমত হ’ব পৰা নাই কমিটীখন৷ সেয়েহে কাইলৈ পুনৰ বৈঠকত মিলিত হ’ব উচ্চস্তৰীয় কমিটী৷ কাইলৈ অনুষ্ঠিত হ’বলগীয়া বৈঠকখনতে মেট্রিক পৰীক্ষাৰ মূল্যায়ন সন্দর্ভত চূড়ান্ত সিদ্ধান্তত ছীল–মোহৰ মাৰিব উচ্চস্তৰীয় কমিটীখনে৷ তদুপৰি বিভিন্ন ৰাজ্যৰ ব’ৰ্ডৰ পৰীক্ষাসমূহৰ মূল্যায়নৰ বাবে লোৱা ফর্মুলাও অসমৰ ক্ষেত্রত বিবেচনা কৰাৰ সম্ভাৱনা আছে কমিটীখনৰ৷ উল্লেখ্য যে এইবাৰ মেট্রিকত পূর্বৰ দৰে নাথাকিব ১০টা শীর্ষস্থানৰ ব্যৱস্থা৷ আজিৰ বৈঠকতে এই সিদ্ধান্তও গ্রহণ কৰিছে কমিটীখনে৷ যাতে কোনো শিক্ষার্থী প্রকৃত ন্যায় লাভৰ পৰা বঞ্চিত নহয়, তাৰ বাবে এই ব্যৱস্থা গ্রহণ কৰা হৈছে৷ ইপিনে, আজিৰ বৈঠকত উপস্থিত থকা কেইবাগৰাকীও সদস্যই তেওঁলোকে বিভিন্ন দল–সংগঠন, বিদ্যালয় পৰিদর্শক, অভিভাৱকৰ সৈতে আলোচনাৰ ভিত্তিত প্রস্তুত কৰা প্রতিবেদন দাখিল কৰিছে৷

No comments:

Post a Comment

Read our previous post

GAME

  10 simple and easy lines about games for primary students: Games are fun to play. We can play games indoors and outdoors. Cricke...